নতুন দিল্লীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ফেচবুক, টুইটাৰকে আদি কৰি সমূহ ছ’চিয়েল মিডিয়া একাউণ্ট বন্ধ কৰাৰ বিষয়ে গুণা-গঁথা কৰি থকাৰ বাতৰিক লৈ চৌদিশে চৰ্চা চলাৰ সময়তে মঙলবাৰৰ এটি টুইটে অৱসান ঘটাই সকলো ৰহস্যৰ। উক্ত টুইট অনুযায়ী দেওবাৰৰ পৰা চিৰদিনৰ বাবে ছ’চিয়েল মিডিয়াক বিদায় নিদিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াৰ পৰিৱৰ্তে তেওঁ আন্তঃৰ্জাতিক নাৰী দিৱস উপলক্ষে ছ’চিয়েল মিডিয়া একাউণ্টসমূহ সমাজ তথা দেশক বাট দেখুওৱা নাৰীসকলৰ প্ৰতি এদিনৰ বাবেহে উৎসৰ্গা কৰিব।
বিদায় নহয়, নাৰীৰ নামতহে উৎসৰ্গা কৰাৰ সিদ্ধান্ত