ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অপমান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা এজন ব্যক্তিয়ে গুগলৰ বিৰুদ্ধে থানাত এজাহাৰ দিছে। উত্তৰ প্ৰদেশৰ এগৰাকী অধিবক্তাই তথ্যপ্ৰযুক্তি আইনৰ আধাৰত আধাৰত গুগলৰ ওপৰতে মোদীৰ অপমানৰ অভিযোগ আনি ছাহজাহাপুৰ থানাত বুধবাৰে এই এজাহাৰ দাখিল কৰে।
২০১৫ চনৰ এক গুগল চাৰ্ছ ৰিজাল্টত মোদীক অপমান কৰা বুলি দাবী কৰি এই এজাহাৰ দাখিল কৰিছে পি নন্দ কিশোৰ নামৰ অধিবক্তাগৰাকীয়ে। অৱশ্যে গুগলৰ মুখপাত্ৰই এই সংক্ৰান্ত কোনোধৰণৰ তথ্য তেঁওলোকৰ হাতত নাই বুলি জানিবলৈ দিছে।