65
ইম্ফলঃ মণিপুৰৰ ৰাজধানী ইম্ফল ধৰা পৰিছে কৰ’না ভাইৰাছৰ প্ৰথমটো পজিটিভ। মণিপুৰৰ স্বাস্থ্য বিভাগ আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে মঙলবাৰে দিনৰ ভাগত সদৰী কৰিছে এই তথ্য।
‘ইম্ফল টাইমছ’ত প্ৰকাশিত বাতৰি অনুযায়ী ইংলেণ্ডৰ পৰা উভতি অহা এগৰাকী ২৩ বছৰীয়া যুৱতীৰ দেহত ধৰা পৰিছে এই ভাইৰাছ। যুৱতীগৰাকীয়ে লণ্ডনৰ পৰা এয়াৰ এছিয়াৰ বিমানযোগে দিল্লী, কলকাতা আৰু আগৰতলা হৈ বিমানযোগে যোৱা ২১ মাৰ্চত ইম্ফলত উপস্থিত হৈছিল বুলিও বাতৰিটোত কোৱা হৈছে।