ডিজিটেল ডেস্কঃ অশান্ত কাশ্মীৰত কেন্দ্ৰ চৰকাৰে সামাজিক গণমাধ্যম নিষিদ্ধ কৰি দিয়াক লৈ আন্তৰাষ্ট্ৰীয় মহলে নিন্দা কৰাৰ লগতে কেন্দ্ৰৰ এই সিদ্ধান্তই অঞ্চলটোত আৰু অধিক বিৰূপ প্ৰভাৱ পেলাব বুলি মন্তব্য কৰাৰ সময়তে এইবাৰ ৰাষ্ট্ৰসংঘই এই বিষয়ত মাত মাতিছে।
এপ্ৰিল মাহত কেন্দ্ৰই ছ’চিয়েল মিডিয়া ছাইটচ আৰু ম’বাইল ইণ্টাৰনেটৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা উঠাই লোৱাৰ বাবে বাবে আহ্বান জনাইছে ৰাষ্ট্ৰসংঘৰ দুজন বিশেষজ্ঞই। উল্লেখ্য যে ২৬ এপ্ৰিলত জাৰি কৰা হৈছিল এই নিষেধাজ্ঞা। এই নিৰ্দেশৰ আধাৰত ১৬ টা ছ’চিয়েল মিডিয়া ৱেবছাইটৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছিল।