নতুন দিল্লীঃ নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত দিল্লীৰ দিন-হাজিৰা কৰা শ্ৰমিকসকলে লকডাউনৰ সময়ছোৱাত লাভ কৰিব ৫হাজাৰকৈ চৰকাৰী সাহায্য। এই ঘোষণা কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। দিল্লীৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হ’ব এই সাহায্য।
হিন্দুস্তান টাইমছত প্ৰকাশিত খবৰ অনুযায়ী দিল্লী বিল্ডিং এণ্ড আণ্ডাৰ কনষ্ট্ৰাকশ্যন ওৱৰ্কাৰ্ছ ব’ৰ্ডৰ অধীনত পঞ্জীকৃত প্ৰতিগৰাকী দিন হাজিৰা কৰা শ্ৰমিকক দিল্লীৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এক সাক্ষাৎকাৰত উল্লেখ কৰা মতে দিল্লীত লকডাউনৰ সময়ত সান্ধ্য আইন সদৃশ পৰিস্থিতিৰ উদ্ভৱ হৈছে আৰু এনে পৰিস্থিতিত খাটি খোৱা জনগণক সহায় কৰিবলৈ চৰকাৰ দায়ৱদ্ধ।