92
লংকাঃ লংকা আৰক্ষী চকীৰ অন্তৰ্গত লংকাৰ এন-এৰিয়া গোঁসাই কলনিত এক আত্মহত্যাৰ ঘটনা সংঘটিত হয়। শোৱনি কোঠাত চিপ লৈ আত্মহত্যা কৰিছে আলাল উদ্দীন নামৰ ৪০ বছৰীয়া বিবাহিত যুৱক এজনে।
জানিব পৰা মতে, লংকাৰ নিবাসী মুকুট গোস্বামীৰ ঘৰত বহু বছৰ ধৰি ভাড়াতীয়া হিচাপে আছিল আলাল উদ্দীন আৰু তেওঁৰ পৰিয়াল। বৃহস্পতিবাৰে আলাল উদ্দীনৰ পৰিয়াল মাকৰ গৃহলৈ গৈছিল যদিও আলালৰ পিতৃ আৰু মাতৃ ঘৰতে আছিল।