ভূপালঃ কৰ’না ভাইৰাছৰ বিৰুদ্ধে সমগ্ৰ বিশ্বই ঘোষণা কৰিছে যুদ্ধ। ব্যতিক্ৰম নহয় ভাৰতো। এনে পৰিস্থিতিত প্ৰতিটো মুহূৰ্ততে বৃদ্ধি পাইছে সংক্ৰমণৰ আংশকা, বাঢ়িছে মৃত্যুৰ দুৰ্ভাৱনা। কিন্তু সকলো যুদ্ধতে যিদৰে সাহসীসকল শেষ পৰ্যন্ত যুদ্ধভূমিত থিয় হৈ ৰয় এই যুদ্ধতো দেখা গৈছে তেনে সৈনিক।
তেনে এজন সাহসী কৰ’না সৈনিক হৈছে ভূপালৰ স্বাস্থ্যকৰ্মী আশ্বৰফ আলি। ভূপালৰ পৌৰসভাৰ ছেনিটেশ্যনৰ দায়িত্বত থকা আশ্বৰফে এইকেইদিন কামত ব্যস্ত হৈ থকাৰ মাজতে লাভ কৰে মাতৃৰ মৃত্যুৰ সংবাদ। এনে সংবাদ লাভ কৰিলে সকলো কাম আধাতে এৰি ঘৰলৈ সকলোৱেই ঘৰলৈ যোৱাটোৱেই স্বাভাৱিক।