নতুন দিল্লীঃ দিল্লীৰ নিজামুদ্দিনৰ এটি মছজিদত অনুষ্ঠিত হোৱা তবলীগ জামাতত অংশগ্ৰহণ কৰা ৬ গৰাকী লোকৰ তেলেংগানাত মৃত্যু ঘটিছে। এই আটাইকেইগৰাকীৰে দেহত কৰ’না ভাইৰাছৰ পজিটিভ ধৰা পৰিছে বুলি সদৰী কৰিছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে।
১মাৰ্চৰ পৰা ১৫ মাৰ্চলৈ অনুষ্ঠিত হোৱা এই তবলীগ জামাতত ভাৰতৰ ভিন্ন প্ৰান্তৰ লগতে মালয়েছিয়া, ইণ্ডোনেছিয়া, ছৌদি আৰৱ আৰু কিৰ্ঘিস্তানৰ পৰা অহা অতি কমেও ২০০০ লোকে অংশগ্ৰহণ কৰিছিল। এনে পৰিস্থিতিৰ উদ্ভৱ হোৱা সত্বেও জামাতৰ ‘মাৰ্কাজ’ত বৰ্তমানেও ১৪০০ ৰো অধিক লোক একেলগে থকা বুলি বাতৰিত প্ৰকাশ পাইছে।