গুৱাহাটীঃ দিল্লীৰ নিজামুদ্দিন অঞ্চলৰ তবলীগ জমাতৰ পৰা ঘুৰি আহি আত্মগোপন কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ হ’বলৈ প্ৰশাসন আৰু সমাজক আহ্বান জনাইছে প্ৰাক্তন আছু নেতা তথা সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ বৰ্তমানৰ কাৰ্যকৰী সভাপতি নুৰুল হকে। তেওঁ কয় যে যি সময়ত সমগ্ৰ বিশ্বতে কৰ’নাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে সেই সময়ত সকলোৱে নিম্ন মানসিকতা, গোড়ামী আৰু অন্ধবিশ্বাস পৰিহাৰ কৰি চৰকাৰ-প্ৰশাসনক সহোযগিতা আগবঢ়োৱা উচিত।
প্ৰশাসনৰ নিৰ্দেশ পালন কৰি অসমৰ প্ৰায় ভাগ জামাত বা মছজিদ সমিতিয়ে মছজিদত সমাৱেশ বন্ধ কৰাৰ পিছতো বহিঃৰাজ্যৰ পৰা অসমলৈ আহি যিসকল লোকে এতিয়াও আত্মগোপন কৰি আছে সেইসকল লোকক সমাজৰ বাবে বিপদজনক আখ্যাও দিয়ে সংগঠনটোৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে। এনে লোকসকল ক্ষমাৰ অযোগ্য বুলিও মন্তব্য কৰে হকে।