বিশেষ প্ৰতিবেদনঃ এইকেইদিন সমগ্ৰ দেশতে চৰ্চিত হৈ পৰিছে এটা বিশেষ ধৰ্মীয় শব্দ। সেয়া হৈছে তবলীগ জামাত। এই তবলীগ জামাতৰেই নেতা মৌলানা মহম্মদ চান্দ সম্প্ৰতি নিৰুদ্দেশ হৈ আছে। দিল্লীৰ নিজামুদ্দিন অঞ্চলত আয়োজন কৰা তবলীগ জামাতৰ এক কাৰ্যসূচী কৰ’না ভাইৰাছৰ হটস্পট হৈ পৰাৰ পিছতে কোনো সন্ধান পোৱা হোৱা নাই এইগৰাকী ধৰ্মীয় নেতাৰ।
ইতিমধ্যে দিল্লী আৰক্ষীয়ে মৌলানা চান্দৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰিছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে মৌলানাই নিজামুদ্দিনত এখন বিশাল ধৰ্মীয় সভাৰ আয়োজন কৰি চৰকাৰৰ আদেশ উলংঘা কৰিছে। ইফালে মঙলবাৰে সংবাদ মাধ্যমত মৌলানা চান্দ নিৰুদ্দেশ হোৱাৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে নিশা এটা অডিঅ’ মেছেজযোগে ধৰ্মীয় নেতাজনে জনাই যে চৰকাৰে আহ্বান জনোৱা ধৰণে তেওঁ আইছ’লেশ্যনত আছে।