গুৱাহাটীঃ ‘ছুপাৰস্প্ৰেডাৰ’ দিল্লীৰ নিজামুদ্দিনৰ বাংলেৱালী মছজিদ ভাৰতৰ কৰ’না ভাইৰাছৰ ‘হটস্পট’ হৈ পৰাৰ দৰেকৈ বিলাসী অট্টালিকা স্পেনিছ গাৰ্ডেন গুৱাহাটীৰ বাবে কৰ’না ভাইৰাছৰ হটস্পট হৈ পৰিব নেকি? অট্টালিকাটোৰ ডি ব্লকত বাস কৰা মনীষ তিৱৰেৱাল নামৰ আট্যৱন্ত ব্যৱসায়ীগৰাকীৰ দেহত কৰ’না ভাইৰাছ ধৰা পৰাৰ পিছত পোহৰলৈ অহা এটাৰ পিছত এটাকৈ ঘটনাই এতিয়া প্ৰকট কৰি তুলিছে এনে সম্ভাৱনা।
বিশেষকৈ চৰকাৰ প্ৰশাসনৰ কোনোধৰণৰ আগতীয়া তৎপৰতাৰ বাবে এতিয়া মহানগৰীৰ বহু লোক এই কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ পৰিব নেকি বুলিও প্ৰশ্ন উত্থাপিত হৈছে। প্ৰাপ্ত বাতৰি অনুযায়ী জুৰোডত থকা এই বিলাসী অট্টালিকাটোৰ পৰা কিছুদিন পূৰ্বে মহানগৰ আৰক্ষীয়ে আটক কৰিছিল দুগৰাকীকৈ চীনা নাগৰিকক।