61
গুৱাহাটীঃ গুৱাহাটীৰ জ্যোতিনগৰত ‘জ্যোতিনগৰ সংঘ’ৰ উদ্যোগত কৰ’না প্ৰতিৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউনৰ ফলত কৰ্মহীন হৈ পৰা দিনহাজিৰা কৰি জীৱন নিৰ্বাহ কৰা ৰাইজক কিছু সকাহ দিয়াৰ উদ্দেশ্যে খাদ্য-বস্তু বিতৰণ কৰা হয়।
মহানগৰীৰ জ্যোতিনগৰ অঞ্চলৰ অগ্ৰণী সামাজিক অনুষ্ঠান ‘জ্যোতিনগৰ সংঘ’ নামৰ এই সংঘটোৱে প্ৰতিষ্ঠাকালৰে পৰা বিগত প্ৰায় ৫০ বছৰেই বিভন্ন দুৰ্য্যোগৰ সময়ত এনেদৰে ৰাইজক সহায় কৰি আহিছে৷