Home দেশলকডাউনত দেশৰ ৮৫ শতাংশ দৰিদ্ৰই এতিয়ালৈকে লাভ কৰা নাই বিনামূলীয়া দাইল

লকডাউনত দেশৰ ৮৫ শতাংশ দৰিদ্ৰই এতিয়ালৈকে লাভ কৰা নাই বিনামূলীয়া দাইল

by News Desk
A+A-
Reset
LENTILS

নতুন দিল্লীঃ কৰ’না মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ দৰিদ্ৰ জনতাক সকাহ দিবলৈ চৰকাৰে ঘোষণা কৰা বিশেষ পেকেজৰ অধীনত মাত্ৰ ১৫ শতাংশ হিতাধিকাৰীয়েহে লাভ কৰিছে ১ কিলোগ্ৰামকৈ দাইল। দেওবাৰে এই বাতৰি প্ৰকাশ কৰিছে দেশৰ আগশাৰীৰ সংবাদ পত্ৰ ‘দ্য হিন্দু’ৱে। ‘কনজুমাৰ এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট’ৰ উধৃতিৰে প্ৰকাশ কৰা বাতৰিটোত কোৱা হৈছে যে ১৯ কোটিৰো অধিক দৰিদ্ৰ লোকৰ বাবে আৱণ্টিত ১.৯৬ লাখ টন দাইলৰ মাত্ৰ ৩০ হাজাৰ টনহে এতিয়ালৈকে বিতৰণ কৰা হৈছে।

যোৱা ২৬ মাৰ্চত সংবাদমেলযোগে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিছিল যে ১ এপ্ৰিলৰ পৰা দেশৰ দৰিদ্ৰ জনতাই যাতে লকডাউনৰ সময়ছোৱাত পুষ্টিহীনতাত ভুগিবলগীয়া নহয় তাৰ বাবে ৰেচন কাৰ্ড থকা লোকসকলক প্ৰতি মাহে ১ কিলোগ্ৰামকৈ দাইল ৩ মাহৰ বাবে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনাৰ অধীনত প্ৰদান কৰিব। ইয়াৰ লগতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৮০ কোটি হিতাধিকাৰীক অতিৰিক্ত ৫ কিলোগ্ৰামকৈ চাউল প্ৰদানৰ কথাও ঘোষণা কৰিছিল বিত্তমন্ত্ৰীগৰাকীয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0