নতুন দিল্লীঃ লকডাউন অন্ত পৰিবলৈ মাজত মাথো দুটা দিন। এনে সময়তে দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা। যোৱা ২৪ ঘণ্টাত COVID-19ত আক্ৰান্ত হৈ মৃত্যু হৈছে ৭৩ জনকৈ লোকৰ। ইয়াৰ ফলত ভাৰতত কৰ’নাত মৃত্যুৰ সংখ্যা বাঢ়ি হয়গৈ ১১৪৭ জন।
শুকুৰবাৰে পুৱা প্ৰকাশ পোৱা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ বুলেটিনত কোৱা হৈছে যে যোৱা ২৪ ঘণ্টাত দেশত কৰ’নাত আক্ৰান্ত হৈছে আৰু ১,৯৯৩ জন লোক। বৰ্তমান দেশত মুঠ কৰ’নাক্ৰান্ত লোকৰ সংখ্যা হৈছে ৩৫,০৪৩ জন। ইয়াৰে ২৫.৩৬ শতাংশ অৰ্থাৎ ৮,৮৮৯ জন লোক ইতিমধ্যে সুস্থ হৈ ঘৰলৈ উভতিছে।