100
কলকাতাঃ কৰ’নাৰ সংক্ৰমণৰোধ কৰিবলৈ যজ্ঞ আয়োজন কৰি গ্ৰেপ্তাৰ হ’ল ৬ জনকৈ লোক। এই ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ ২৪ পৰগণা জিলাৰ বাৰাছত পৌৰ সভাৰ ২৮ নং ৱাৰ্ডৰ বাদু কাঠুত।
পশ্চিমবংগৰ স্থানীয় সংবাদ পত্ৰ আনন্দ বাজাৰ পত্ৰিকা আৰু এই সময়ত প্ৰকাশিত বাতৰি মতে নৱগ্ৰহ যজ্ঞৰ লগতে কাপোৰেৰে কৰ’না ভাইৰাছৰ প্ৰতিকৃতি তৈয়াৰ কৰি সেয়া যজ্ঞৰ অগ্নিত দাহো কৰিছে একাংশ অত্যুৎসাহীয়ে। যজ্ঞত লকডাউন অমান্য কৰি যথেষ্ট লোকে ভিৰ কৰিছিল বুলিও বাতৰিটোত কোৱা হৈছে।