অনলাইন প্ৰতিবেদনঃ ভাৰতত ক্ৰমাৎ ক্ষিপ্ৰ গতিত বৃদ্ধি পাবলৈ লৈছে কৰ’না আক্ৰান্তৰ সংখ্যা। লকডাউন কিছু শিথিল কৰিলেও ৰাজহুৱা স্থানত বহু লোক একগোট হোৱাত জাৰি কৰা নিষেধাজ্ঞা অব্যাহত আছে। কিন্তু পেট্ৰ’ল পাম্পসমূহ খোলা আছে আৰু শেহতীয়াকৈ গৱেষণাত এনে কথা পোহৰলৈ আহিছে যে পেট্ৰ’ল পাম্পত ভাইৰাছ কেবাদিনো ধৰি সক্ৰিয় হৈ থাকে।
ইউনিভাৰ্ছিটি কলেজ লণ্ডনৰ ভাইৰ’লজিষ্ট ডাঃ জে গ্ৰভে গৱেষণাৰ অন্তত কৈছে যে কোনো ধাতু বা প্লাষ্টিকেৰে তৈয়াৰী আৱৰণত কৰ’না ভাইৰাছ কেবাদিনো ধৰি সক্ৰিয় হৈ থাকে। যিহেতু পেট্ৰ’ল পাম্পৰ যতনসমূহ ধাতু বা প্লাষ্টিকেৰে তৈয়াৰী আৰু প্ৰতি মুহূৰ্ততে বিভিন্ন লোকৰ সমাগম ঘটি থাকে সেয়ে এই পেট্ৰ’ল পাম্পসমূহৰ পৰা ভাইৰাছৰ সংক্ৰমণ ঘটিব পাৰে বুলি আশংকা ব্যক্ত কৰিছে বিশেষজ্ঞসকলে।