চেন্নাইঃ মানৱীয়তা পাহৰি এতিয়া যেন পশুহত্যাৰ নিচাত ডুব গৈছে দেশৰ একাংশ লোক। কেৰালাত অন্তঃসত্বা এটা হাতীয়ে বিস্ফোৰক ভৰ্তি আনাৰস খাই কৰণ মৃত্যুক সাৱটি লোৱাক লৈ আৰম্ভ হোৱা বিতৰ্কৰ বৰ্তমানো অব্যাহত আছে। ঘটনাটোক লৈ ছ’চিয়েল মিডিয়াত একাধিক আলোচনা চলিলেও বাস্তৱত যে এনে আলোচনাই একাংশ লোকক স্পৰ্শ কৰিব নোৱাৰে সেয়া স্পষ্ট কৰি তুলিছে অনুৰূপ আন এক ঘটনাই।
টাইমছ অব ইণ্ডিয়াৰ লগতে কেবাখনো ৰাষ্ট্ৰীয় সংবাদ পত্ৰত প্ৰকাশিত বাতৰি মতে, সোমবাৰে তামিলনাডুৰ তিৰুচিৰ জিয়াপুৰমৰ সমীপৰ চাহৰ দোকান এখনৰ পৰা এটা শিয়ালৰ ক্ষতবিক্ষত মৃতদেহ উদ্ধাৰ কৰে স্থানীয় বন বিভাগে। ৰাজ্যখনৰ বিন বিভাগৰ সূত্ৰই সংবাদ মাধ্যমৰ আগত কৈছে যে বিস্ফোৰক ভৰ্তি মাংস খোৱাৰ ফলত শিয়ালটোৰ মুখমণ্ডল সম্পূৰ্ণৰূপে নিশ্চিহ্ন হৈ পৰিছে।