ভাৰত-বাংলাদেশৰ দৰে দেশৰ লোকেই মাস্ক নিপিন্ধাকৈ আজিকালি বাহিৰলৈ নোলায়। ইয়াৰ বিপৰীতে আমেৰিকা আৰু ৰাছিয়াৰ দৰে দেশৰ একাংশ লোকে মাত মাতি আহিছে মাস্ক পৰিধানৰ বিৰুদ্ধে। কিয়নো এই দুখন দেশৰ ৰাষ্ট্ৰপ্ৰধানে নিজেই সময়ে সময়ে মাস্ক পিন্ধাৰ বিৰোধিতা কৰি আহিছে। কিন্তু কিয়? ইফালে ভেকচিনক লৈও চৰ্চা চলিছে। ভাৰতত অহা আগষ্টত ভেকচিন বজাৰলৈ আহিব বুলিও বাতৰি প্ৰকাশ পাইছে। সঁচাকৈয়ে ইমান সোনকালে বজাৰলৈ ভেকচিন আহিবনে? সবিশেষ সামৰি জ্যেষ্ঠ সাংবাদিক হৃদয় কুমাৰ শৰ্মাৰ বিশ্লেষণ।
♦ কৰ’না ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ সময়ত মাস্ক পিন্ধি যোৱাটো অৱশ্য-কৰ্তব্য। বিশ্ব স্বাস্থ্য সংস্থাই বান্ধি দিয়া গাইড লাইনৰ ভিতৰত মাস্ক পৰিধান অন্যতম। মাস্ক এতিয়া আমাৰ দৈনন্দিন জীৱনৰ এটি অংশ হৈ পৰিছে। ধনী-দুখীয়া সকলোৱে সাধ্য অনুসৰি মাস্ক একোখন মুখত লগাইহে বাহিৰলৈ ওলায়। ইমানৰ পিছতো বহুতে নীতি-নিয়ম উলংঘা কৰি মাস্ক পিন্ধাৰ পৰা বিৰত থাকে।