স্বাস্থ্য প্ৰতিবেদনঃ কৰোনা মহামাৰীৰ সময়ত শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বঢ়াবলৈ বহু স্বাস্থ্য বিশেষজ্ঞই খাদ্যত ডালচেনিৰ ব্যৱহাৰৰ পৰামৰ্শ আগবঢ়াইছে। বিভিন্ন গৱেষণাত এয়া প্ৰমাণিত হৈছে যে কৰ’না ভাইৰাছৰ ঘৰুৱা প্ৰতিষেধক হিচাপে ডালচেনি ব্যৱহাৰ কৰিব পৰা যায়৷ কিন্তু কোন সময়ত আৰু কেনেকৈ এই ডালচেনি ব্যৱহাৰ কৰিলে আমাৰ শৰীৰৰ ৰোগ প্ৰতিষেধক ক্ষমতা বৃদ্ধি হ’ব সেয়া জানি লোৱা দৰকাৰ।
ভাৰতীয়সকলে বিভিন্ন ধৰণৰ ৰন্ধা-বঢ়াত অতি প্ৰাচীন কালৰে পৰা ডালচেনিৰ ব্যৱহাৰ কৰি আহিছে। ভাৰতীয় গৃহিনীসকলে ব্যৱহাৰ কৰা ‘গৰম মছলা’ৰ এক অপৰিহাৰ্য্য উপাদান হৈছে এই ডালচেনি৷ গৰম মছলাত ব্যৱহাৰ কৰা এই ডালচেনিয়ে যে আমাৰ শৰীৰৰ ভিতৰত থকা অপকাৰী ভাইৰাছবোৰক ধুই-পখালি শৰীৰৰ পৰা বাহিৰ কৰি দিব পাৰে সেয়া শেহতীয়া গৱেষণাত দেখা গৈছে।