বোকাখাতৰ অগৰাতলীত ব্ৰহ্মপুত্ৰৰ চিগা মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ

Home অন্যান্য খবৰবোকাখাতৰ অগৰাতলীত ব্ৰহ্মপুত্ৰৰ চিগা মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ

বোকাখাতৰ অগৰাতলীত ব্ৰহ্মপুত্ৰৰ চিগা মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ

by News Desk
73 views
A+A-
Reset

গোলাঘাটঃ   জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি গোলাঘাট জিলাৰ বোকাখাতৰ অগৰাতলীৰ মৰিয়াহলাৰ পৰা ডিফলু পথাৰলৈ থকা মথাউৰিৰ চিগা অংশ পৰিদৰ্শন কৰে । ব্ৰহ্মপুত্ৰৰ ওপৰত মৰিয়াহলাৰ পৰা ডিফলু পথাৰলৈ থকা ২৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিটোৰ প্ৰায় ৫৫৫মিটাৰ চিগা অংশ মেৰামতি কৰাৰ বাবে তেওঁ ১৫ দিনৰ সময় নিৰ্ধাৰণ কৰি দিয়ে । তেওঁ ঠিকাদাৰসকলক পুঁজিৰ কথা চিন্তা নকৰি নৈপৰীয়া লোকসকলৰ স্বাৰ্থত যুদ্ধকালীন ক্ষিপ্ৰতাৰে কাম কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ কয় যে নৈপৰীয়া লোকসকলে যাতে কোনো কাৰণতে ঘৰ-বাৰী হেৰুৱাবলগীয়া নহয় সেইয়া সুনিশ্চিত কৰিবলৈ বৰ্তমানৰ ৰাজ্য চৰকাৰখনে সকলো ধৰণে প্ৰয়াস চলাব । 

এই ক্ষেত্ৰত চৰকাৰৰ পৰা নিৰ্ধাৰিত সময়ত কাম সম্পন্ন কৰিব পৰাকৈ সকলো সহায়-সহযোগিতা লাভ কৰিব বুলি তেওঁ আশ্বাস দিয়ে ।  শ্ৰী হাজৰিকাই প্ৰাৰম্ভিক নিৰ্দেশ ওলোৱাৰ লগে লগে মথাউৰি মেৰামতিৰ কাম আৰম্ভ কৰিবলৈ ঠিকাদাৰসকলক নিৰ্দেশ দিয়ে ।  তেওঁ কয় যে কোনো ঠিকাদাৰে যাতে কামৰ বাবে আনুষ্ঠানিক নিৰ্দেশলৈ ৰৈ নাথাকে ।  আনুষ্ঠানিক নিৰ্দেশলৈ অপেক্ষা কৰিলে অযথা বিলম্ব হয় বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখনৰ সকলো চিগা মথাউৰিৰ মেৰামতি আৰু নিৰ্মাণৰ কাম বাৰিষাৰ পূৰ্বেই সম্পন্ন কৰাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ । 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0