গুৱাহাটী : ঘোষণা কৰা হ’ল চেবাৰ দ্বাৰা পৰিচালিত নপতা হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছাৰ ফলাফল। দিনৰ ১১ বজাত ঘোষণা কৰা হ’ল ফলাফল। কোভিড-১৯ ৰ বাবে পৰীক্ষা অনুষ্ঠিত নকৰি যথেষ্ট সমালোচনাৰ সন্মূুখীন হোৱাৰ পিচত বিদ্যালয় বোৰে দিয়া নম্বৰৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে এইবাৰৰ ফলাফল।ঘোষিত ফলাফল অনুসৰি ৰাজ্যত এইবাৰ মেট্ৰিক উত্তীৰ্ণৰ হাৰ অভিলেখ সংখ্যক ৯৩.১০ শতাংশ।
ঘোষণা কৰা ফলাফল অনুসৰি বিশ্বনাথ জিলাত উত্তীৰ্ণৰ হাৰ সৰ্বোচ্চ ৯৯.৪০ শতাংশ। আনহাতে সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ হোজাই জিলাত। হোজাই জিলাত উত্তীৰ্ণৰ হাৰ ৮৩.৪৯ শতাংশ। সেইদৰে উত্তীৰ্ণৰ হাৰৰ তালিকাত দ্বিতীয় স্থানত আছে বাক্সা জিলা। জিলাখনত উত্তীৰ্ণৰ হাৰ ৯৮.৯১ শতাংশ।