Home অন্যান্য খবৰপহিলা অক্টোবৰৰ পৰা আৰম্ভ হ’ব নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদান

পহিলা অক্টোবৰৰ পৰা আৰম্ভ হ’ব নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদান

by News Desk
A+A-
Reset
IMG-20210922-WA0052

ডিজিটেল ডেস্ক,২১চেপ্টেম্বৰঃ কোভিড আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ কমি অহাৰ লগে লগে স্বাভাৱিক হবলৈ আগবাঢ়িছে ৰাজ্যখনৰ পৰিস্থিতি৷এনেদৰে স্বাভাৱিক অৱস্থাত থাকিলে ১ অক্টোবৰৰ পৰা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ, নৱম আৰু স্নাতক প্ৰথম বৰ্ষৰ পাঠদান আৰম্ভ হব৷এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই ।তেখেতে ৰাজ্যখনৰ সকলো লোকক দুয়োপালি ভেকচিন ল’বলৈ আহ্বান জনায় ।তেখেতে কয় যে ৰাজ্যৰ ক’ভিড পৰিস্থিতি ক্ৰমাৎ উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি নীতি-নিৰ্দেশনাসমূহ লাহে লাহে শিথিল কৰি অনা হৈছে । ক’ভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ লগে লগে আঁতৰিছে বাধা-নিষেধসমূহ । ইতিমধ্যে ২০ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হৈছে দশম শ্ৰেণীৰ পাঠদান । সেইদৰে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ আৰু স্নাতক চূড়ান্ত বৰ্ষৰ পাঠদানো অব্যাহত আছে ।

পহিলা অক্টোবৰৰ পৰা নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদানো আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । বুধবাৰে তাৰেই ইংগিত দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে, পৰিস্থিতি স্বাভাৱিক অৱস্থাত থাকিলে ১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ, নৱম আৰু স্নাতক প্ৰথম বৰ্ষৰ পাঠদান ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0