Home অন্যান্য খবৰসন্মানীয় শান্তিস্বৰূপ ভটনাগৰ বঁটা অসম সন্তান বিনয় কুমাৰ শইকীয়ালৈ

সন্মানীয় শান্তিস্বৰূপ ভটনাগৰ বঁটা অসম সন্তান বিনয় কুমাৰ শইকীয়ালৈ

by News Desk
A+A-
Reset
IMG-20210927-WA0003

ডিজিটেল ডেস্ক,২৭ চেপ্টেম্বৰঃ অসমৰ বিজ্ঞানক্ষেত্ৰলৈ দেওবাৰে দুপৰীয়া আহিল এটা অতি ভাল লগা খবৰ৷এগৰাকী অসমীয়া সন্তান উজলিল ৰাষ্ট্ৰীয় বটা প্ৰাপ্তিৰে৷যোৰহাটৰ NEIST অৰ্থাৎ উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সংস্থাৰ জ্যেষ্ঠ বিজ্ঞানী ড° বিনয় কুমাৰ শইকীয়াই লাভ কৰিছে শান্তিস্বৰূপ ভটনাগৰ বঁটা৷ এই বঁটাৰ অৰ্থমূল্য হৈছে ৫ লাখ টকা৷ তদুপৰি বঁটা প্ৰাপকগৰাকীয়ে তেওঁৰ ৬৫ বছৰ বয়সলৈকে মাহে ১৫ হাজাৰ টকাকৈ লাভ কৰিব৷এই খবৰে স্বাভাবিকভাৱেই উৎফুল্লিত কৰিছে ৰাজ্যবাসীক৷মেধাৰ যে অভাৱ অসমত নাই ড° শইকীয়াই এই কথা পুনৰবাৰ প্ৰমাণ কৰিলে৷
দেশৰ বিজ্ঞান গৱেষণাগাৰৰ পিতৃপুৰুষ ৰূপে খ্যাত ড° শান্তিস্বৰূপ ভটনাগৰৰ নামত এই বঁটা যথেষ্ট সন্মানীয় বুলি গণ্য কৰা হয়৷ বিশ্ববিদ্যালয় অনুদান আয়োগ বা UGCৰ প্ৰথমগৰাকী অধ্যক্ষ শান্তিস্বৰূপ ভটনাগৰৰ নামেৰে দেশৰ বিজ্ঞানী/গৱেষক সকলক উজ্জীৱিত কৰাৰ লক্ষ্যৰে ১৯৫৮ চনৰ পৰা বিজ্ঞানৰ সাতটা শাখাত কৰা দিকদৰ্শী গৱেষণাৰ বাবে প্ৰতিটো শাখাত সৰ্বাধিক দুগৰাকী বিজ্ঞানীলৈ বঁটা আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা হৈছিল৷ এই সাতটি শাখা হৈছে জীৱ বিজ্ঞান, ৰসায়ন বিজ্ঞান, বসুধা- বতৰ- সমুদ্ৰ আৰু গ্ৰহীয় বিজ্ঞান, কাৰিকৰী বিজ্ঞান, গণিত বিজ্ঞান, চিকিৎসা বিজ্ঞান আৰু ভৌতিক বিজ্ঞান৷ অৱশ্যে বঁটাৰ বাবে বিবেচনা কৰিবলৈ হ’লে গৱেষক-বিজ্ঞানী গৰাকীৰ বয়স ৪৫ বছৰৰ ভিতৰত হ’ব লাগিব, তেওঁৰ গৱেষণা দেশতেই সম্পন্ন হ’ব লাগিব, আৰু অৱশ্যেই গৱেষণা হ’ব লাগিব দিকদৰ্শী৷ এনেবোৰ কাৰণতেই এই সন্মানক দেশৰ বিজ্ঞান ক্ষেত্ৰৰ অত্যন্ত শীৰ্ষস্থানীয় বুলি গণ্য কৰি অহা হৈছে৷

এইবছৰ এই বঁটা লাভ কৰা অসমীয়া বিজ্ঞানী ড° বিনয় কুমাৰ শইকীয়াই NEISTৰ পলিমাৰ পেট্ৰ’লিয়াম আৰু কয়লা ৰসায়ন গোটৰ বিজ্ঞানী৷ড° শইকীয়াই কৰ্কট ৰোগৰ কোষ চিনাক্তকৰণৰ বাবে কয়লাক ব্যাৱহাৰ কৰাৰ এক ৰাসায়নিক পদ্ধতিৰ বিকাশ ঘটাই দুবছৰমানৰ পূৰ্বে বিশেষ চৰ্চা লাভ কৰিছিল৷ দেহৰ কৰ্কট আক্ৰান্ত কোষ নিৰূপণকে ধৰি চিকিৎসাক্ষেত্ৰত কাৰ্বন আধাৰিত এক অতি ক্ষুদ্ৰাকৃতিৰ পদাৰ্থ ব্যৱহাৰ কৰা হয়৷ কাৰ্বন কোৱাণ্টাম ডট (CQD) নামৰ এই পদাৰ্থবিধৰ আকাৰ ১০ নেন’মিটাৰ, মানে ১ চেণ্টিমিটাৰৰ ১ নিযুতভাগৰ ১০ ভাগতকৈ সৰু (অৰ্থাৎ ০.০০০০০১০ চেণ্টিমিটাৰ)৷ আমেৰিকা আৰু জাপানৰ দুটামান ৰাসায়নিক উদ্যোগে DQD উৎপাদন কৰে যদিও এই উৎপাদন ব্যয় খুবেই বেছি৷ শইকীয়া আৰু তেওঁৰ সহযোগীয়ে যিৰূপে ’ডট’ উৎপাদনৰ কৌশল উদ্ভাৱন কৰিলে, সেই পদ্ধতিয়ে CQDৰ খৰচ আমদানিকৃত CQDৰ বিশভাগৰ এভাগলৈ হ্ৰাস কৰিলে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0