Home অন্যান্য খবৰগোলাঘাটত জিলা পথ সুৰক্ষা সমিতিৰ দ্বিতীয়খন বৈঠক সম্পন্ন

গোলাঘাটত জিলা পথ সুৰক্ষা সমিতিৰ দ্বিতীয়খন বৈঠক সম্পন্ন

by News Desk
A+A-
Reset
IMG-20211007-WA0010

গোলাঘাট, ৭অক্টোবৰ : গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত আজি জিলা পথ সুৰক্ষা সমিতিৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয় । জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত জিলা পৰিবহন বিষয়া শ্ৰী দিব্যজ্যোতি কাৰ্জি আৰু উপ আৰক্ষী অধীক্ষক শ্ৰী মাধুৰ্য বৰুৱাৰ লগতে ৰাষ্ট্রীয় ঘাইপথ প্ৰাধিকৰণ, পৰিবহন বিভাগ, আৰক্ষী, দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, স্বাস্থ্য বিভাগ, যানবাহন পৰিদৰ্শক আৰু কেইবাটাও বিভাগৰ বিষয়াসকল উপস্থিত আছিল । সভাত পথ সুৰক্ষাৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয় । তাৰ ভিতৰত পথ সুৰক্ষাৰ পৰিসংখ্যা আৰু কাৰণসমূহ, পথ সুৰক্ষা বাহিনীৰ পুনৰুজ্জীৱিতকৰণ, অত্যধিক বোজা কঢ়িওৱা বাহনৰ বিৰুদ্ধে অভিযান, দিশ নিৰ্দেশনা সূচকসমূহ সঠিকভাৱে সংস্থাপন কৰা আদি অন্যতম । বৈঠকত জিলা উপায়ুক্তগৰাকীয়ে সমাগত শীতকালত কুঁৱলীৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথসমূহত বৃদ্ধি পাব পৰা সম্ভাব্য দুৰ্ঘটনা ৰোধ কৰাটো সুনিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক অহা ১৫ নৱেম্বৰৰ ভিতৰত দিশ নিৰ্দেশনা সূচকসমূহ সঠিকভাৱে সংস্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে । আনহাতে সঘনাই দুৰ্ঘটনা সংঘটিত হৈ থকা এলেকাসমূহত স্থানীয় যুৱক-যুৱতীক জড়িত কৰোৱাই পথ সুৰক্ষা বাহিনী নামেৰে এটা স্বেচ্ছাসেৱী বাহিনী গঠন কৰা সন্দৰ্ভতো সভাত আলোচনা কৰা হয় । সভাত দেৰগাঁও, নেঘেৰিটিং আৰু বোকাখাতৰ কেতবোৰ স্থানত পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে অতি সোনকালেই দিশ নিৰ্দেশনা সূচক লগোৱাৰ বাবে সিদ্ধান্ত লোৱা হয় । জিলা উপায়ুক্তগৰাকীয়ে দুৰ্ঘটনাপ্ৰৱন অঞ্চলসমূহ পৰিদৰ্শন কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা পৰিবহন বিষয়াক নিৰ্দেশ দিয়ে । তেওঁ দুৰ্ঘটনাত পতিত হোৱা লোকৰ জীৱন ৰক্ষা কৰাৰ বাবে ল’বলগীয়া প্ৰাৰম্ভিক ব্যৱস্থা আৰু প্ৰাথমিক চিকিৎসা সন্দৰ্ভত পথ সুৰক্ষা বাহিনী, আৰক্ষী আৰু ইয়াৰ সৈতে জড়িত লোকসকলৰ উপযুক্ত প্ৰশিক্ষণৰ বিষয়টো গুৰুত্ব আৰোপ কৰে । লগতে শাৰদীয় দুৰ্গা পূজাৰ আগতে যানবাহন আইন উলংঘা কৰা লোকৰ বিৰুদ্ধে আৰক্ষী আৰু পৰিবহন বিভাগক এটা যুটীয়া অভিযান চলোৱাৰ বাবেও পৰামৰ্শ আগবঢ়োৱা হয় । আনহাতে পথ সুৰক্ষা পুঁজিৰ ধনেৰে পৰিবহন বিভাগৰ তৰফৰ পৰা আজি দুৰ্ঘটনাত পতিত অথবা অন্য জৰুৰী অৱস্থাৰ ৰোগীক কঢ়িয়াবৰ বাবে ১০ খন ষ্ট্ৰেছাৰ আৰু ১০ টা প্ৰাথমিক চিকিৎসাৰ কিট আৰক্ষীক অৰ্পণ কৰা হয় । এই সামগ্ৰীসমূহ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ আৰু অন্য দুৰ্ঘটনাপ্ৰৱন এলেকাত থকা থানাসমূহত যোগান ধৰা হ’ব যাতে জৰুৰী সময়ত ব্যৱহাৰ কৰিব পৰা যায় ।

News Desk
Author: News Desk

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0