তিৰুৱানন্তপুৰমঃ দাক্ষিণাত্যৰ কেৰালাত অব্যাহত আছে ধাৰাসাৰ বৰষুণ। বান আৰু ভূমিস্খলনৰ ফলত এই পৰ্যন্ত অতিকমেও ২৫ জনকৈ লোক নিহত হোৱাৰ লগতে সন্ধানহীন হৈ আছে বহুজন। ৰাজ্য চৰকাৰৰ সূত্ৰই শেহতীয়াকৈ জনোৱা মতে কোট্টায়াম জিলাত সৰ্বাধিক ১৩ জন, ইডুকি জিলাত ৯ জন আৰু অলাপুৰা জিলাত ৪ জন লোকৰ মৃত্যু ঘটিছে। কুট্টিকল আৰু মুণ্ডাকায়াম অঞ্চলত সেনাবাহিনী মোতায়েন কৰা হৈছে। বান প্ৰভাৱিত প্ৰায়বোৰ অঞ্চলতে ৰেড এলাৰ্ট জাৰি কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰকাৰী দল প্ৰেৰণ কৰিছে ৰাজ্যখনৰ দুৰ্যোশ প্ৰশমন বিভাগে।
বৰষুণৰ ফলত অধিক ক্ষতিগ্ৰস্ত হৈছে কেৰালাৰ মধ্য আৰু দক্ষিণ প্ৰান্তৰ অঞ্চলসমূহ। ৰাজ্যখনৰ কোট্টায়াম জিলাত দেওবাৰে ভূমিস্খলনৰ পিছত ৩টা মৃতদেহ উদ্ধাৰ কৰিছে। নেৰানেপেৰা বৰষুণৰ পিছত শনিবাৰে কোট্টায়াম জিলাত ৬ জন আৰু ইডুক্কি জিলাত ২ জনৰ মৃত্যুৰ খবৰ পোৱা গৈছিল। এই সময়ছোৱাত ৭ গৰাকী মহিলা, ৮ গৰাকী শিশুসহ মুঠ ৩৩ জন লোকক উদ্ধাৰ কৰা হৈছে।