গুৱাহাটী/নতুন দিল্লীঃ অসমৰ স্বাস্থ্যখণ্ডৰ অভূতপূৰ্ব উন্নয়ন হৈছে বুলি ৰাজ্য চৰকাৰে ঢাক-ঢোল বজাই অহাৰ সময়তে পোহৰলৈ আহিছে এটি উদ্বেগজনক খবৰ। এই খবৰ অনুযায়ী সাময়িকভাৱে স্বীকৃতি বাতিল হোৱা চিকিৎসা মহাবিদ্যালয়ৰ তালিকাত আছে অসমৰ ৩ খনকৈ চিকিৎসা মহাবিদ্যালয়ৰ নাম। স্বীকৃতি বাতিল হোৱা অসমৰ চিকিৎসা মহাবিদ্যালয় ৩খন হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়।
যিসময়ত ৰাজ্য চৰকাৰে ইখনৰ পিছত সিখন জিলাত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কথা কৈ আহিছে সেই সময়ত বৰপেটা আৰু ডিব্ৰুগড়ৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰো স্বীকৃতি বাতিল হোৱাত স্বাভাৱিকতে হতচকিত হৈ পৰিছে সচেতন মহল। বিশেষকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তো নেশ্যনেল মেডিকেল কমিছন চমুকৈ এনএমচিয়ে নিৰ্ধাৰণ কৰি দিয়া প্ৰয়োজনীয় আন্তঃগাথনি নথকা বিষয়টোৱে উত্থাপন কৰিছে বহু প্ৰশ্নৰ।