ভাৰতৰ গ্ৰামাঞ্চলৰ লোকক সহজ বেংকিং ব্যৱস্থাৰ সুবিধা দিয়া বিতৰ্কিত ছাহাৰা ইণ্ডিয়া গ্ৰুপৰ মুৰব্বী সুব্ৰত ৰয়ে ১৪ নৱেম্বৰৰ (মঙলবাৰ) নিশা ১০.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে৷ ভাৰতত বেংকিং ব্যৱস্থাক গাঁৱলৈ নিয়া সুব্ৰত ৰয়ৰ মৃত্যুত এক অধ্যায়ৰ সামৰণি পৰিল৷ মুম্বাইৰ এখন ব্যক্তিগত হাস্পতালত উচ্চ ৰক্তচাপ আৰু ডায়েবেটিচৰ দৰে ৰোগত আক্ৰান্ত হৈ মৃত্যুৰে যুঁজি থকা সুব্ৰত ৰয় হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰা বুলি ছাহাৰা গ্ৰুপে এক বিবৃতি যোগে প্ৰকাশ কৰে৷
বুধবাৰে মৃতদেহ লক্ষ্ণৌৰ ছাহাৰা চহৰলৈ নিয়াৰ পিছত তাতেই অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। জানিব পৰা মতে, ১২ নৱেম্বৰত সুব্ৰত ৰয়ক স্বাস্থ্যজনিত কাৰণত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।