Home দেশবিশ্বকাপ-ৰাজনীতিৰ উন্মাদনাৰ মাজতে উত্তৰাখণ্ডত জীৱন-মৃত্যুৰে যুঁজ ৪১ শ্ৰমিকৰ, সম্ভৱ হ’বনে সফল উদ্ধাৰ?

বিশ্বকাপ-ৰাজনীতিৰ উন্মাদনাৰ মাজতে উত্তৰাখণ্ডত জীৱন-মৃত্যুৰে যুঁজ ৪১ শ্ৰমিকৰ, সম্ভৱ হ’বনে সফল উদ্ধাৰ?

by News Desk
A+A-
Reset
tunnel

আজি ১০ দিন হ’ল। উত্তৰাখণ্ডৰ বন্ধ সুৰংগত জীৱন-মৃত্যুৰ সৈতে যুঁজি থকা ৪১ গৰাকী শ্ৰমিকৰ উদ্ধাৰ আজিও সম্ভৱ হৈ উঠা নাই। উদ্ধাৰৰ বাবে ন ন পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। অত্যাধুনিক কৌশল ব্যৱহাৰ কৰি শ্ৰমিকসকলক উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে। কিন্তু এতিয়ালৈকে কোনো কৌশলেই ফল দিয়া নাই। সুৰংগৰ বাহিৰত আৱদ্ধ শ্ৰমিকৰ পৰিয়ালৰ নিদ্ৰাহীন ৰাতি পাৰ হৈছে। এবাৰ তেওঁলোকৰ সৈতে কথা পাতিবলৈ আত্মীয়, পিতৃ-মাতৃৰ মন হাহাকাৰ কৰিছে। 

উত্তৰাখণ্ডৰ উত্তৰকাশীত সংঘটিত এই দুৰ্ঘটনাক লৈ পিছে দেশত বৰ বেছি চৰ্চা হোৱা নাই। দেশত এতিয়াও বিশ্বকাপ আৰু নিৰ্বাচনৰ বা বলিয়েই আছে। অলপতে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হৈ গৈছে অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মাজৰ ফাইনেল খেলখন। খেলখনত ভাৰতৰ পৰাজয়ৰ পিছত বিষণ্ণ হৈ আছে প্ৰতিগৰাকী ক্ৰীড়াপ্ৰেমী ভাৰতীয়ৰ মন। তাৰ মাজতে ছত্তীশগড়, ৰাজস্থানকে ধৰি কেইবাখনো ৰাজ্যত চলি থকা বিধানসভা নিৰ্বাচনক লৈ নেতা-কৰ্মী, ভোটাৰ সকলোৰে মাজত উখল-মাখল পৰিৱেশ। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0