News Next One হৈছে ক্ৰাউডফাণ্ডিঙৰ জৰিয়তে চলি অহা অসমীয়া ভাষাত বাতৰি প্ৰকাশ কৰা এটা মুক্ত, স্বতন্ত্ৰ আৰু লাভবিহীন নিউজ ৱেবছাইট। News Next One-এ ব্ৰেকিং নিউজৰ পৰিৱৰ্তে বিতং বাতৰি আৰু ‘মচলা’ খবৰৰ পৰিৱৰ্তে গ্ৰাউণ্ড ৰিপ’ৰ্টিঙত গুৰুত্ব দিয়ে। ক্ৰাউডফাণ্ডিঙৰ জৰিয়তে মাহিলি লাভ কৰা সামান্য ধনৰ ওপৰত নিৰ্ভৰ কৰি ‘মুক্ত, স্বতন্ত্ৰ আৰু লাভিবিহীন সাংবাদিকতা’ত বিশ্বাসী কেইগৰাকীমান সাংবাদিকৰ দ্বাৰা News Next One চলি আহিছে।
মালিকবিহীন নিউজ ৱেবছাইট News Next One-এ সমাগত নৱবৰ্ষ অৰ্থাৎ ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা নতুন ৰূপত গ্ৰাউণ্ড ৰিপ’ৰ্টিং আৰু অনুসন্ধানমূলক বা-বাতৰি প্ৰকাশৰ পৰিকল্পনা কৰিছে। পিছে আপোনালোকৰ সহায় অবিহনে সেই পৰিকল্পনা কেৱল পৰিকল্পনা হৈয়েই ৰ’ব। সেয়ে এই ছেগতে বিগত সময়ছোৱাত সাধ্যানুযায়ী সহায় কৰি অহা প্ৰতিগৰাকী শুভকাংক্ষীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি News Next One-এ ক্ৰাউডফাণ্ডিঙৰ বাবে আজিৰে পৰা আৰম্ভ কৰিছে ‘ক্ৰাউডফাণ্ডিং ফৰ গ্ৰাউণ্ড ৰিপ’ৰ্টিং’ অভিযান।