২২ বছৰ পিছত পুনৰ সজীৱ হ’ল ভাৰতীয় সংসদ ভৱনত সংঘটিত সেই ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণৰ ৩০ মিনিটৰ ভয়াৱহতা! সংসদ ভৱনত ২০০১ চনত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ শোক প্ৰকাশৰ সময়তে বুধবাৰে ভাৰতৰ নতুন সংসদ ভৱনত সংঘটিত হ’ল নিৰাপত্তাৰ এক বৃহত্ ক্ৰুটিৰ ঘটনা। সংসদৰ শীতকালীন অধিৱেশন চলি থকাৰ সময়তে দুই যুৱকে সংসদ ভৱনৰ দৰ্শকৰ গেলাৰীৰ পৰা জঁপিয়াই স্মোক বোমাৰে সৃষ্টি কৰিলে আতংকৰ। বুধবাৰৰ এই ঘটনাৰ পিছতে এতিয়া পুনৰ এবাৰ মানুহে স্মৰণ কৰিছে ২০০১ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ১৩ ডিচেম্বৰৰ দিনটোতে সংঘটিত সেই লোমহৰ্ষক সন্ত্ৰাসবাদী আক্ৰমণৰ ভয়াৱহ স্মৃতি।
বুধবাৰে লোকসভাত সংসদীয় কাৰ্যসূচীৰ সময়তে প্ৰথম এজন ব্যক্তিয়ে দৰ্শকৰ গেলেৰীৰ পৰা জপিয়াই আতংকৰ সৃষ্টি কৰে। তাৰ পিছত আন এজন যুৱকেও একেদৰে জঁপিয়াই নামি অধ্যক্ষৰ আসনৰ ফালে আগবাঢ়ি যায়। এই ঘটনাৰ ভিডিঅ’টোত দেখা গৈছে যে এই ব্যক্তিজনে সাংসদৰ বেঞ্চৰ ওপৰেৰে জপিয়াই অধ্যক্ষৰ চকীখনৰ ফালে আগবাঢ়ি যায়। তাৰ পিছতে সদনত উপস্থিত সাংসদসকলে ব্যক্তিজনক আটক কৰিবলৈ চেষ্টা কৰিছে।