প্ৰখ্যাত চিত্ৰশিল্পী ইমৰোজে যোৱা শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুৰ লগে লগে পুনৰ সমগ্ৰ বিশ্বৰ সাহিত্য আৰু শিল্প প্ৰেমীসকলৰ মনত জীৱন্ত হৈ উঠিছে এক বিশেষ প্ৰেম কাহিনী। ক’বলৈ গ’লে ইমৰোজৰ মৃত্যু এই প্ৰেম কাহিনীৰ অন্ত নহয়, বৰং উক্ত কাহিনীৰ আন এক আৰম্ভণিহে… য’ত প্ৰেমে বন্ধনৰ সীমা পৰিহাৰ কৰি স্বাধীনতাৰ ডেউকাৰে উৰি ফুৰে উন্মুক্ত আকাশত!
জীয়াই থকা সময়ত প্ৰখ্যাত সাহিত্যিক অমৃতা প্ৰীতম আৰু ইমৰোজৰ বিশেষ সম্পৰ্ক সদায়েই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আহিছিল। আজি দুয়ো এই পৃথিৱীত নাই যদিও তেওঁলোকৰ সেই ব্যতিক্ৰমী প্ৰেমৰ সুবাস কিন্তু আজিও বিয়পি আছে। দুয়ো কেতিয়াও বিবাহপাশত আৱদ্ধ হোৱা নাছিল, অথচ একেৰাহে ৪০ বছৰ ধৰি লিভ-ইন ৰিলেশ্যনশ্বিপত আছিল। অমৃতা প্ৰীতম আৰু ইমৰোজে বিশ্ববাসীক দি গৈছে প্ৰেমৰ নতুন সংজ্ঞা। এই সংজ্ঞাৰে তেওঁলোকে সকলোকে দেখুৱাই গৈছে যে বিবাহৰ বান্ধোনত আৱদ্ধ হোৱাতোৱেই প্ৰেম নহয়, ভালপোৱাৰ অসীম আকাশত উন্মুক্ত হৈ উৰি ফুৰাটোও হৈছে প্ৰেম!