সৰিতাৰ বোকাময় ঘৰৰ চোতালখনত দুটা খুঁটাৰ ওপৰত ভেঁজা দি আকাশৰ পিনে মুখ কৰি থিয় হৈ আছে এখন সৌৰ প্লেট। কেইডালমান তাঁৰ সেই সৌৰ প্লেটখনৰ নাড়ীৰ দৰে ঢিলা হৈ ওলমি আছে। এসময়ত যে এই সৌৰ প্লেটখনত বিদ্যুত উপলব্ধ আছিল, এই তাঁৰবোৰেই তাৰ প্ৰমাণ।
কিন্তু কেতিয়াও বিদ্যালয় গৰকি নোপোৱা সৰিতাই কয়, “এই সৌৰ প্লেটখন ২০১৮ চনত সংস্থাপন কৰা হৈছিল। চৰকাৰৰ পৰা দুটা বাল্ব আৰু এখন ফেনও যোগান ধৰা হৈছিল। কিছুদিন কাম ঠিকেই কৰি থাকিল, ঘৰখন আৰু বাটটো পোহৰ হ’ল। কিন্তু কেইদিনমান পিছতে ই পুনৰ চিৰদিনৰ বাবে নুমাই থাকিল। ইয়াৰ পিছত বাল্ব আৰু ফেনখনো লৈ যোৱা হ’ল।”