বিজ্ঞান-প্ৰযুক্তিৰ সহায়ত ৰাম নৱমীৰ দুপৰীয়া অযোধ্যাৰ ৰাম মন্দিৰত আলোকিত হৈ পৰিল ৰাম লালা। ১৭ এপ্ৰিল অৰ্থাৎ বুধবাৰে ৰাম নৱমী উপলক্ষে এক আকাশী পৰিঘটনাৰ সৃষ্টি হ’ল ৰাম মন্দিৰত। এই দিনটোতে ৰাম মন্দিৰত প্ৰতিস্থাপিত ভগৱান শ্ৰীৰামৰ বাল্য কালৰ প্ৰতিমূৰ্তি অৰ্থাৎ ৰাম লালাৰ কপালত মন্দিৰৰ অনন্য ডিজাইনৰ মাজেৰে সৰকি তিলক সানিলে সূৰ্যৰ একাজলি কিৰণে।
একাংশ লোকে ইয়াক অলৌকিক পৰিঘটনা সদৃশ আখ্যা দিয়া দেখা গ’লেও প্ৰকৃততে এয়া আছিল বিজ্ঞান-প্ৰযুক্তিৰ সাধাৰণ সূত্ৰৰ সমাহাৰ। আইনা আৰু লেন্সৰ উদ্ভাৱনী ব্যৱস্থাই ৰাম নৱমীৰ দুপৰীয়া ৰাম লালা মূৰ্তিৰ কপালত সূৰ্যৰ ৰশ্মি উদ্ভাষিত কৰি তোলে। হিন্দুৰ আৱেগৰ সৈতে জড়িত অযোধ্যাৰ ৰাম মন্দিৰৰ এই ঘটনাই গৌৰৱান্বিত কৰিছে ৰামভক্তসকলক। ৰাম মন্দিৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়া মতে, এতিয়াৰে পৰা প্ৰতি বছৰে ৰাম নৱমীৰ দিনটোত ৰাম লালাৰ কপালত অংকিত কৰা হ’ব এই সূৰ্য তিলক। প্ৰত্যেক বছৰৰ চ’ত মাহৰ নৱম দিনা ভগৱান শ্ৰীৰামৰ জন্ম উপলক্ষে আয়োজন কৰা হ’ব এই সূৰ্য তিলক অনুষ্ঠানৰ।