Home দেশ২৬/১১ৰ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড তাহাউৰৰ হুছেইন ৰাণাৰ ভাৰতলৈ প্ৰত্যাৰ্পণ

২৬/১১ৰ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড তাহাউৰৰ হুছেইন ৰাণাৰ ভাৰতলৈ প্ৰত্যাৰ্পণ

by News Desk
A+A-
Reset
tahaur hussain

নতুন দিল্লীঃ অৱশেষত ভাৰতলৈ প্ৰত্যৰ্পণ ঘটিল ২৬/১১ ৰ মুম্বাই আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড তাহাউৰ হুছেইন ৰাণাৰ। আমেৰিকাৰ পৰা ভাৰতলৈ প্ৰত্যৰ্পণ কৰাৰ পিছত বৃহস্পতিবাৰে দিল্লীত অৱতৰণ কৰাৰ লগে লগে এনআইএয়ে গ্ৰেপ্তাৰ কৰে। সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁক পাটিয়ালা হাউছ ক’ৰ্টলৈ লৈ যোৱা হয়। এই হাই-প্ৰফাইল শুনানিৰ বাবে আদালত চৌহদত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হয়।

আদালতৰ আশেপাশে থকা অঞ্চলটোত কাকো প্ৰৱেশ কৰিবলৈ দিয়া নহয়, আনকি জৱাহৰলাল নেহৰু মেট্ৰ’ ষ্টেচনৰ ২ নং গেটটোও বন্ধ কৰি দিয়া হয়। দিল্লী মেট্ৰ’ই জনোৱা মতে, এন আই এ বিল্ডিঙৰ ওচৰত থকাৰ বাবে এই গেটখন বন্ধ কৰি দিয়া হৈছে। আদালতত ৰাণাৰ হৈ অধিবক্তা পীযুষ সচদেৱ আৰু এনআইএৰ হৈ দয়ান কৃষ্ণন উপস্থিত থাকে। এই প্ৰত্যৰ্পণ প্ৰক্ৰিয়াক ভাৰতৰ বাবে এক বৃহৎ কূটনৈতিক বিজয় হিচাপে দেখা গৈছে। ড’নাল্ড ট্ৰাম্প পুনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ৰাণাক ভাৰতলৈ প্ৰত্যৰ্পণ কৰাৰ নিৰ্দেশ দিছিল। ভাৰত-আমেৰিকা প্ৰত্যৰ্পণ চুক্তিৰ অধীনত এই প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0