চৰাইদেউঃ বান আৰু গড়া খহনীয়াই অসমৰ বহু অঞ্চললৈ ভাবুকি কঢ়িয়াই অনাৰ পাছতো ৰাজ্যত সংঘটিত হৈ আছে খহনীয়া ৰোধৰ নামত ব্যাপক কেলেংকাৰী। মাহমৰা জাপিধৰা মধুচুক গাৱঁত দিচাং নদীৰ ব্যাপক খহনীয়া ৰোধৰ নামত বহুওৱা পাৰ্কুপাইন আঁচনিৰ ৫ লাখ টকা হৰলুকি কৰাৰ অভিযোগ উঠিছে। গড়া খহনীয়াই উটুৱাই নিছে ১৬ বিঘা মাটি। অৱশেষত বাকী ৰৈছে এক বিঘা মাটি।
উল্লেখ্য যে ২০১২-১৩ বৰ্ষত চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত জাপিধৰা মধুচুক গাঁৱত দিচাং নদীৰ গড়া খহনীয়া ৰোধ কৰিবলৈ পাৰ্কুপাইন বহুওৱা আঁচনিৰ নামত আবণ্টন হোৱা প্ৰায় ৫ লাখ টকা হৰলুকী কৰাৰ অভিযোগ উত্থাপন হৈছে ভড়ালীপুখুৰী গাঁও পঞ্চায়তৰ কংগ্ৰেছ চৰকাৰৰ সভানেত্ৰী ৰঞ্জিতা কোঁৱৰৰ লগতে বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰৰ বিৰুদ্ধে।