গুৱাহাটীঃ যৌথ মঞ্চ গুৱাহাটী সাংস্কৃতিক গোষ্ঠী আৰু সত্ৰীয়া সংস্কৃতিৰ মঞ্চ, অসমৰ উদ্যোগত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম দিৱস কালি বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। জ্যোতিনগৰৰ স্থায়ী কাৰ্যালয়ত বৰেণ্য শিল্পীগৰাকীৰ জন্ম দিৱস উপলক্ষে অনুষ্ঠিত সভাত বন্তি প্ৰজ্বলন কৰে যৌথমঞ্চৰ সভাপতি ৰুমী ভূঞাই। সহযোগ কৰে লোকসংগীত শিল্পী তথা বিশিষ্ট কণ্ঠশিল্পী জবা চক্ৰৱৰ্তীয়ে।
সভাখনৰ আঁত ধৰে অঞ্জনা দত্তই। এই সভাতে কেইবাগৰাকীও বক্তাই ৰূপকোঁৱৰৰ বিভিন্ন দিশৰ বিষয়ে সাৰগৰ্ভ ভাষণ আগবঢ়ায়। উল্লেখ্য যে এই উপলক্ষে কামৰূপ জিলা ভিত্তিত অনুষ্ঠিত সংগীত প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে গৌতমী দাসে, দ্বিতীয় অঞ্জনা দত্ত, তৃতীয় স্থান লাভ কৰে দীপালী চক্ৰৱৰ্তী আৰু আৰাধনা কলিতাই। চতুৰ্থ স্থান লাভ কৰে জয়া শইকীয়া আৰু ৰশ্মিৰেখা দাসে।