গুৱাহাটীঃ গোৱালপাৰা জিলাৰ বালিজানা ৰাজহ চক্ৰৰ অন্তৰ্গত হাছিলা বিল গাঁও পঞ্চায়তত যুগ যুগ ধৰি বসবাস কৰি অহা দুখীয়া জনসাধাৰণক অন্যায়-অমানৱিক আৰু অসাংবিধানিকভাৱে বুলডোজাৰেৰে ঘৰ-বাৰী ভাঙি দি উচ্ছেদ কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি এছ ইউ চি আই(কমিউনিষ্ট)ৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক চন্দ্ৰলেখা দাসে৷
এই সম্পর্কে বুধবাৰে সংবাদ মাধ্যমক কয় যে যোৱা ১৬ জুনৰ পৰা গোৱালপাৰা জিলা প্ৰশাসনে বিকল্প কোনো সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ হাছিলা বিল অঞ্চলৰ দুখীয়া, অসহায় জনসাধাৰণক যিদৰে নিৰ্দয়ভাৱে উচ্ছেদ কাৰ্য চলাই আছে, যাৰ ফলত অসহায় এই মানুহবোৰৰ এতিয়া গৃহহীন অৱস্থাত বৰষুণত তিতি, খাদ্য, পানী আদি নাপাই দুখ-দুৰ্গতি কুলাই-পাচিয়ে নধৰা হৈছে। উচ্ছেদিত পৰিয়ালৰ সন্তান-সন্ততি, পৰীক্ষাৰ্থী, ছাত্ৰ-ছাত্ৰীসকলৰ ভবিষ্যৎ ধ্বংসৰ পিনে ঠেলি দিয়া হৈছে।