37
গুৱাহাটীঃ গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ ৮ জুনত অনুষ্ঠিত হোৱা কাৰ্যকৰী সভাৰ সিদ্ধান্ত মৰ্মে ২৯ জুনৰ পুৱা ১০.৩০ বজাত প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত এখন বিশেষ সাধাৰণ সভাৰ আয়োজন কৰিছে বুলি এইআইএএৰ সাধাৰণ সম্পাদক গণেশ কলিতাই জানিবলৈ দিয়ে।
এই সভাত সকলো প্ৰাক্তন হৰিভকত তথা সতীৰ্থবৃন্দৰ উপস্থিতি কামনা কৰিছে আৰু আগন্তুক দিনৰ পৰিকল্পনাৰ ওপৰত বিভিন্ন দিহা-পৰামৰ্শৰে সহায়-সহযোগ কৰিব বুলি আশা কৰিছে।