গুৱাহাটীঃ নতুন শিক্ষা নীতিত স্নাতক পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৬০ ঘণ্টাৰ এটা “ইণ্টাৰ্নশ্বিপ ট্ৰেইনিং” কৰাটো বাধ্যতামূলক কৰা হৈছে৷ এই ক্ষেত্ৰত গুৱাহাটীৰ বেছিভাগ কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে অসমৰ পৰম্পৰাগত বয়ন শিল্পৰ প্ৰশিক্ষণ ল’বলৈ আগবাঢ়ি অহাটো শুভ লক্ষণ৷ ২ জুনৰ পৰা ১৬ জুনলৈ গুৱাহাটীৰ আমবাৰীত থকা অসম চৰকাৰৰ হস্ততাঁত গৱেষণা আৰু চানেকি কেন্দ্ৰত হস্ততাঁতত বয়ন, চানেকি প্ৰস্তুত আৰু সূতা ৰং কৰণৰ প্ৰশিক্ষণ লবলৈ আগবাঢ়ি আহে গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ ১২ গৰাকী ছাত্ৰী৷
১৭ জুনত অনুষ্ঠিত সামৰণী অনুষ্ঠানত ছাত্ৰীসকলক মানপত্ৰ প্ৰদান কৰা হয়৷ এই উপলক্ষে গৱেষণা কেন্দ্ৰৰ মুখ্য বিষয়া ড০ জয়ন্ত দেৱ শৰ্মাই পৌৰোহিত্য অনুষ্ঠানত সভাত আৰ্য বিদ্যাপীঠ কলেজৰ অধ্যাপক ড০ মৌচুমী বৰা আৰু ড০ অনুৰাধা বৰুৱাও উপস্থিত থাকে৷ অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে বয়ন শিল্পৰ এই প্ৰশিক্ষণে ভৱিষ্যৎ জীৱনত তেওঁলোকক কিমান যে সহায় কৰিব সেয়া উল্লেখ কৰে৷ চাগেন কাকতি, জয়ন্তদ্বীপ দাস, আবু বক্কৰ ছিদ্দিক, মহানন্দ দাস প্ৰমুখ্যে বস্ত্ৰ প্ৰযুক্তিবিদসকলে সভাত প্ৰশিক্ষণ কালত ছাত্ৰীসকলৰ বয়ন শিল্পৰ প্ৰতি দেখুৱা আগ্ৰহৰ কথা ব্যক্ত কৰে৷