দলংঘাটঃ সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ অন্যতম আঞ্চলিক পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ বহাগী বিদায় উৎসৱ উদযাপন আৰু মুকলি বিহু প্ৰতিযোগীতা আনুষ্ঠিত কৰা হয়। পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাই সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে পালন কৰে বহাগী বিদায় উৎসৱ উদযাপন আৰু মুকলি বিহু প্ৰতিযোগিতা।
ৰাতিপুৱা সদৌ অসম ছাত্র সন্থাৰ পতাকা উত্তোলন, বিহু পতাকা উত্তোলন, বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ কৰে। সন্ধিয়া মুকলি বিহু প্ৰতিযোগিতা উদ্বোধন কৰে সদৌ দৰং জিলা ছাত্র সন্থাৰ সভাপতি খনিন্দ্র ৰাজবংশীয়ে।