খৈৰাবাৰীঃ ভয়াবহ পুজা বুলি সমগ্ৰ দেশতে চৰ্চিত চড়ক পুজা আজি ওদালগুৰি জিলাৰ ১ নং ডিমাকুছিত পালন কৰা হয়৷ ডিমাকুছিত বেংগলী সম্প্ৰদায়ৰ লোকে চড়ক পূজা অনুস্থিত কৰি দেখুওৱা ভয়াৱহ খেলে এক শিহৰণকাৰী পৰিস্থিতিৰ সৃষ্টি কৰে। এই খেল চাবলৈ শ শ কৌতুহলী লোকৰ সমাগম হোৱা পৰিলক্ষিত হয়।
এয়া এক আচৰিত পূজা য’ত মহাদেৱক সন্তুষ্ট কৰিবলৈ পূজা-অৰ্চনা কৰি মানুহৰ জীৱনৰ লগত জীৱন-মৰণৰ খেল অনুস্থিত কৰা হয়। ১ নং ডিমাকুছিত অনুস্থিত হোৱা ৩১ সংখ্যক এই পূজাত জীৱন্ত মানুহক গাতত পুতি ৰাখি ১ ঘন্টাৰ মূৰত উলিয়াই অনা হৈছে।