মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত মাকুমকিল্লাৰ নিজমাকুম অঞ্চলৰ পৰা মাৰ্ঘেৰিটা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গিৰীণ সোণোৱালে এক অভিযান চলাই চাৰি দুধৰ্ষ তেল চোৰক আটক কৰে৷
ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে নিৰ্ভৰযোগ্য সূত্ৰৰ পম খেদি অভিযান চলাই চাৰি দুধৰ্ষ তেল চোৰক আটক কৰে। উল্লেখযোগ্য যে, মাৰ্ঘেৰিটাৰ ডিৰক চাহ বাগিচাস্থিত হিন্দুস্থান অইল এক্সপ্ল’ৰেশ্যন কোম্পানী লিমিটেডৰ তেল পাইপৰ জড়িয়তে ডিগবৈ আইঅচি লৈ সৰবৰাহ হয়।