মুছলপুৰঃ এফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত দুৰ্নীতি বন্ধ কৰাৰ ঘোষণা, আনফালে হাগ্রামা মহিলাৰীৰ দুৰ্নীতি বন্ধ কৰাৰ হুংকাৰ। তাৰে মাজতে হাগ্রামা মহিলাৰীৰ ঘনিষ্ঠ এচামে বিটিএডিত লুন্ঠন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।
বিটিএডিৰ বাগসাত প্ৰধানমন্ত্ৰী আৱাসৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। এই সংক্রান্তত বাগসা উন্নয়ন খণ্ডৰ অন্তৰ্গত থমনা, চৰাইমাৰী, বাংনাবাৰী ভিচিডিচিৰ একাংশ হিতাধিকাৰীয়ে অভিযোগ কৰা অনুসৰি তেওঁলোকৰ প্ৰধানমন্ত্ৰী আৱাসৰ নামত প্ৰাপ্ত ধন একাউন্টত সোমাইছে যদিও থমনা গ্ৰামী বেংক আৰু ভিচিডিচিৰ বিষয়ববীয়াৰ গোপন বুজাবুজিৰে বেংক কৰ্তৃপক্ষই ভিচিডিৰ অধ্যক্ষৰ চহী অবিহনে ধন উলিয়াই দিয়া নাই বুলি জানিব পৰা গৈছে।