নতুন দিল্লীঃ ১৮ দিনীয়া মহাকাশ সামৰি পৃথিৱীলৈ সুকলমে ঘূৰি আহি এক নতুন ইতিহাস ৰচনা কৰিলে ভাৰতীয় মহাকাশচাৰী গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাই। প্ৰণিধানযোগ্য যে, প্ৰথমগৰাকী ভাৰতীয় হিচাপে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ, চমুকৈ আই এছ এছত ভৰি দিয়ে ভাৰতীয় বায়ুসেনাৰ বীৰ যোদ্ধা শুভাংশু শুক্লাই।
সোমবাৰে বিয়লি আইএছএছৰ পৰা পৃথিৱী অভিমুখে ওভতনি যাত্ৰা আৰম্ভ কৰি প্ৰায় ২২ ঘণ্টাৰ অন্তত মঙলবাৰে বিয়লি ৩:০১ বজাত কেলিফৰ্ণিয়াৰ সাগৰ উপকূলত অৱতৰণ কৰে শুভাংশু শুক্লা আৰু আন তিনি মহাকাশচাৰীৰ ড্ৰেগন কেপচুল।
সোমবাৰে সন্ধিয়া আই এছ এছৰ পৰা আনডকিং কৰে স্পেচএক্সৰ ড্ৰেগন মহাকাশযান। এয়া আছিল এক্সিয়াম স্পেচৰ দ্বাৰা পৰিচালিত ব্যক্তিগত মিছন এক্সিয়াম-৪ (এক্স-৪)ৰ অংশ। নাছা, ইছৰো, ইউৰোপীয় মহাকাশ সংস্থা আৰু স্পেচএক্সৰ যৌথ পদক্ষেপত চলোৱা এই মহাকাশ অভিযানত শুভাংশুৰ সৈতে আছিল নাছাৰ প্ৰাক্তন মহাকাশচাৰী পেগী হুইটছন, হাংগেৰীৰ টিবৰ কাপু আৰু পোলেণ্ডৰ স্লাভছ উজনানস্কিও।
১৯৮৪ চনত ৰাকেশ শৰ্মাৰ পিছত মহাকাশলৈ যোৱা দ্বিতীয়জন ভাৰতীয় হৈছে শুভাংশু। কিন্তু আই এছ এছত ভাৰতৰ প্ৰথম প্ৰতিনিধি হিচাপে এই অভিযানত তেওঁৰ ভূমিকা আজি ঐতিহাসিক বিবেচিত হৈছে।
)
মহাকাশৰ পৰা ওভতনি যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে অনুষ্ঠিত হোৱা বিদায়ী অনুষ্ঠানত শুভাংশুৱে কৈছিল, “এই যাত্ৰা অসাধাৰণ হৈ পৰিছে। যদিও এয়া শেষ হৈছে, কিন্তু ইয়াৰ পৰাই আৰম্ভ হৈছে ভাৰতৰ মানৱ মহাকাশ অভিযানৰ পথ। যদি আমাৰ সাহস থাকে, তেন্তে তৰাবোৰ চুই চোৱাটো অসম্ভৱ নহয়।”
তেওঁ আৰু কয়, “১৯৮৪ চনত ৰাকেশ শৰ্মাই কোৱাৰ দৰে, ‘চাৰে জাহান চে আচ্ছা হিন্দুস্তান হামাৰা’, সেই গৌৰৱ আজিও অক্ষত আছে। আমি আজিৰ ভাৰতক মহাকাশৰ পৰাই দেখিবলৈ পাওঁ- এই ভাৰত আত্মবিশ্বাসী, নিৰ্ভীক, আৰু গৌৰৱান্বিত।”
উল্লেখ্য যে, শুভাংশু শুক্লাই এক্স-৪ অভিযানত ৬০টাতকৈও অধিক বৈজ্ঞানিক পৰীক্ষা চলাইছিল, ইয়াৰে ৭টা প্ৰস্তুত কৰিছিল ইছৰ’ই। শুভাংশুৰ এই অভিযানৰ বাবে ইছৰ’ই ব্যয় কৰিছিল প্ৰায় ৫০০ কোটি টকা। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ ভৱিষ্যতৰ গগনযান অভিযানৰ বাবে শুভাংশু শুক্লাৰ এই সফল অভিযান অতি গুৰুত্বপূৰ্ণ বিবেচিত হ’ব বুলি আশা ব্যক্ত কৰিছে ইছৰ’ই।
ভাৰতৰ প্ৰথমটো মানৱ মহাকাশ অভিযান গগনযান ২০২৭ চনত উৎক্ষেপণৰ কথা। ইয়াৰ পূৰ্বে শুভাংশু আৰু ভাৰতীয় বায়ুসেনাৰ আন তিনিজন বিষয়াক এই অভিযানৰ বাবে নিৰ্বাচিত কৰা হৈছিল।
প্ৰণিধানযোগ্য যে, লক্ষ্ণৌত জন্মগ্ৰহণ কৰা শুভাংশুৱে ২০০৬ চনত যুদ্ধ বিমানৰ পাইলট হিচাপে বায়ুসেনাত যোগদান কৰে।
প্ৰচাৰৰ পূৰ্বে তেওঁ কয়, “মই কেৱল এটা মেচিন নহয়, মই এক বিলিয়নৰ সপোন কঢ়িয়াই লৈ ফুৰিছো। দেশৰ প্ৰতিজন ব্যক্তিৰ প্ৰতি মোৰ মাত্ৰ এটা অনুৰোধ আছে – আমাৰ সফলতাৰ বাবে প্ৰাৰ্থনা কৰক।”
শুভাংশুৰ এই ঐতিহাসিক যাত্ৰাই আন্তঃৰাষ্ট্ৰীয় মহাকাশত ভাৰতৰ উত্থানৰ এক নতুন অধ্যায়ৰ সূচনা কৰিছে।
