মোৰাঝাৰঃ সংস্থাপন অবিহনে উচ্ছেদ কাৰ্য বন্ধ ৰখা আৰু খাজনা বৃদ্ধি প্ৰত্যাহাৰৰ দাবীত নিখিল ভাৰত কৃষক সভাৰ হোজাই জিলা সমিতিয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। বুধবাৰে দিনৰ ১২ বজাত কেবা শতাধিক কৰ্মী সমৰ্থকে হাতে হাতে ৰক্ত পতাকা, প্লে-কাৰ্ড লৈ জোৰাপুখুৰীৰ পৰা সমদল উলিয়ায়।
সমদলকাৰী সকলে চাৰিলেন ৰাষ্ট্ৰীয় ঘাই পথেৰে কৃষক-শ্ৰমিক বিৰোধী কেন্দ্ৰীয় চৰকাৰ মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী হায় হায়, সংস্থাপন অবিহনে উচ্ছেদ কাৰ্য বন্ধ ৰাখক, খাজনা বৃদ্ধি প্ৰত্যাহাৰ কৰক, ভূমিহীনক মাটিৰ পট্টা প্ৰদান কৰক, ৰাজহুৱা বিতৰণ ব্যৱস্থা শক্তিশালী কৰক আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।