গৰৈমাৰীঃ দক্ষিণ কামৰূপৰ বকো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিমান ৰয়ক দুৰ্নীতিৰ অভিযোগত দুৰ্নীতি নিবাৰক শাখাই আটক কৰাৰ পিছতেই পুনৰ ছয়গাও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সোণ কুমাৰ শৰ্মাক শাস্তিমুলক বদলিকৰণক কেন্দ্ৰ কৰি ছয়গাও বাসী ৰাইজে স্বস্থিৰ নিশ্বাস পেলাইছে।
উল্লেখ্য যে শৰ্মাই ছয়গাওঁ থানাত যোগদান কৰাৰ পিছৰে পৰাই এটা ৰাজনৈতিক দলৰ নেতাৰ হস্তক্ষেপত একপক্ষীয় ভাবে হিটলাৰী শাসনেৰে প্ৰশাসনিক কাৰ্য চলাই থকাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ মৰ্মে গৰৈমাৰী উন্নয়ন খণ্ডৰ অধীনস্থ হাতীশলা ভলুকাবাৰী গাওঁ পঞ্চায়তৰ সভাপতি আক্ৰাম হুছেইনক যোৱা শনিবাৰে পঞ্চায়ত কাৰ্যালয়ত চৰকাৰী মিটিং এখনৰ পৰা মানৱ অধিকাৰ উলংঘা কৰি বলপূৰ্বক ভাবে তালিবানি শাস্তিৰে জীৱ-জন্তুৰ দৰে টানি চোঁচৰাই গাড়ীত উঠাই ছয়গাওঁ আৰক্ষী থানালৈ লৈ যোৱাৰ পিছৰে পৰা আৰক্ষী বিষয়া সোণ শৰ্মাৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰে গৰৈমাৰীবাসী ৰাইজ।