61
ডিজিটেল ডেস্কঃ নেদাৰলেণ্ডস্থিত ইণ্টাৰনেশ্যনেল ক’ৰ্ট অৱ জাষ্টিচে কুলভূষণৰ গোচৰৰ ক্ষেত্ৰত ভাৰতক সকাহ দি এক নতুন ঘোষণা কৰিছে। এই ঘোষণামৰ্মে আইচিজেয়ে চুড়ান্ত সিদ্ধান্ত নিদিয়ালৈকে পাকিস্তানে কুলভূষণক ফাঁচি দিব নোৱাৰিব।
ভাৰতৰ প্ৰাক্তন নৌসেনা বিষয়া কুলভূষণ যাদৱক চোৰাংচোৱাগিৰিৰ অভিযোগত পাক সামৰিক আদালতে মৃত্যুদণ্ড বিহাৰ আগতীয়া সিদ্ধান্ত কোনো সভ্য সমাজৰ নীতিৰ ওপৰত আধাৰিত নহয়। এনেদৰে পুৰ্বনিৰ্ধাৰিত শাস্তি দিয়াৰ অধিকাৰ নাই বুলিও কয় আদালতে।