চৰাইদেউ সোণাৰিঃ কেন্দ্ৰীয় ৰন্ধনশালাৰ প্ৰতিবাদত তথা ন্যায্য প্ৰাপ্তিৰ দাবীত আজি সমগ্র অসমৰ প্ৰতিখন জিলাৰ লগতে অবিভক্ত শিৱসাগৰ জিলাৰ চৰাইদেউৰ সোণাৰিতো সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মী ইউনিয়নৰ শিৱসাগৰ জিলা সমিতিয়ে পথ অৱৰোধ কাৰ্যসূচী ৰুপায়ণ কৰে।
মধ্যাহ্ন ভোজন আঁচনি অক্ষয়পাত্ৰ ফাউণ্ডেচনলৈ হস্তান্তৰৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা অন্যান্য ৰাজ্য চৰকাৰৰ দৰে অসম চৰকাৰেও ৰন্ধন কৰ্মীক অতিৰিক্ত মাননি দিয়াৰ ব্যৱস্থা কৰাৰ লগতে প্ৰতিমাহে ৫০০০ টকাকৈ মাননি প্ৰদান কৰা, মাননি প্ৰদানৰ খেলিমেলি দূৰ কৰা তথা অভিযোগ নোহোৱাকৈ নাইবা মিছা অভিযোগত ৰন্ধন কৰ্মী বিতাৰন বন্ধ কৰাৰ দাবীত চৰাইদেউ জিলাৰ সোণাৰিৰ ভজো চাৰিআলিত জিলাখনৰ জিলা কৰ্মীসকলে পথ অৱৰোধেৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ ফলত সমগ্র নগৰখন কিছুসময়ৰ বাবে স্থবিৰ হৈ পৰা পৰিলক্ষিত হয়।