তিনিচুকীয়াঃ আৰু মাত্ৰ কেইটিমান দিনৰ পিছতেই প্ৰয়াত শিল্পী খগেন মহন্তৰ কণ্ঠত প্ৰাণ পাই উঠা চিৰসেউজ গীত “মা আমি শদিয়ালে যামেই….” গীতটো আক্ষৰিক অৰ্থত বাস্তৱত পৰিণত হ’ব৷ ২৬ মে’ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই প্ৰায় এক লাখ লোকৰ উপস্থিতিত উদ্ধোধন কৰিব সমগ্ৰ এছিয়া মহাদেশৰ ভিতৰত দীৰ্ঘতম সেঁতুখন যাৰ দৈৰ্ঘ্য প্ৰায় ৯.১৫০ কি.মি.৷
অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়াসকলৰ পুৰ্বৰ ৰাজধানী কুণ্ডিল ৰাজ্য যাক বৰ্তমান শদিয়া বুলি জনা যায়৷ য’ত শদিয়াৰ চুকে-কোণে সিঁচৰিত হৈ আছে চুতীয়া জাতিৰ বৰ্ণিল ইতিহাস৷ চুতীয়া জাতিৰ বীৰাংগনা সতী সাধিনীৰ স্বামী তথা চুতীয়াসকলৰ অন্তিম ৰাজ্য শাসনকৰ্তা ৰজা নীতিপালৰ দিনৰ কীৰ্তিচিহ্ন সমূহে এতিয়াও চুতীয়া জাতিৰ গৌৰৱময় ইতিহাস কথা সোৱঁৰাই দিয়ে৷