মৰিগাঁওঃ দেশৰ প্ৰ্ধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুক্ৰবাৰে সৰুসজাইত এইম্ছৰ আধাৰশিলা স্থাপন কৰাৰ লগে লগে উন্নয়নকামী মধ্যঅসমবাসী চূড়ান্তভাৱে হতাশ হৈ পৰে।দৰাচলতে আইনী মেৰপাচৰ বাবে কৌশলী স্থিতি গ্ৰ্হণ কৰি চাংসাৰি শব্দটো ব্যৱহাৰ নকৰাকৈ কামৰূপ জিলাত এইমছ স্থাপনৰ বাবে কেন্দ্ৰীয় কেবিনেটে সিদ্ধান্ত গ্ৰ্হণ কৰাৰ পিছতে ৰহাত এইম্ছ স্থাপনৰ বাবে যুঁজ দি অহা উন্নয়নকামী মধ্যঅসমবাসী ক্ষোভ আৰু হতাশাত ভাগি পৰে।
নিৰ্বাচনৰ পূৰ্বে বৰ্তমানৰ শাসকীয় দলৰ একাংশ নেতাই ৰহাত এইম্ছ স্থাপনৰ প্ৰ্তিশ্ৰুতি দি ভোট আদায় কৰি পৰৱৰ্তী সময়ত মধ্য অসমবাসীৰ আশাত চেঁচাপানী ঢলাৰ প্ৰ্তিবাদত শুক্ৰবাৰে সমগ্ৰ মধ্যঅসমবাসীৰ লগতে মৰিগাওঁ জিলাবাসীয়েও ‘প্ৰ্তাৰণা দিৱস’ পালন কৰে। আনকি কালি ৰাজ্যবাসী আনন্দত মতলীয়া হোৱাৰ সময়তো মৰিগাওঁ জিলাবাসীয়ে বন্ধ পালন কৰি চৰকাৰৰ এনে কাৰ্যৰ প্ৰ্তিবাদ জনায়।